পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
ৰণ্ জেউতি

মিলিল গোপনে চিন্তনি লাগিল
কেনেকই যায় জিনা।

 এক অভিমন্যু, ঘটোৎকচ একে
 যেনে প্ৰতাপেৰে জিনিছে প্ৰত্যেকে,
নিতে নিতে টুটি  বিপুল বাহিনী
শেষত ৰয়গে কি?
অত আয়োজন  উজাগৰে কৰা
বিফলে যায়নে কি?

 ভাবি ভাৰদ্বাজে কয় ধীৰে ধীৰে,—৫২
 “নোৱাৰিম আমি এই দুয়োটিৰে;
অভেদ্য কৱচ  কৰি পৰিধান
যুঁজে অভিমন্যু বীৰ,—
কাৰ্ত্তিক সাক্ষাতে  তাড়ক-যুদ্ধত ৫৩
অচল অটল থিৰ।

 যাৱতে হাতত শৰাসন তাৰ
 অজেয় ইন্দ্ৰৰ, ত্ৰাস দেৱতাৰ।
সংহত শক্তিৰে  নিৰস্ত্ৰ নকৰি
অকলে আগুৰা টান;
বেহু চক্ৰাকাৰ  কৰিছোঁ ৰচনা
কৰা তাৰে অভিযান।