পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ৰণ্ জেউতি

পৰে সু প্ৰতীক আৰোহীৰ সতে,
লৰিল ৰণৰ থলী;
অৰ্দ্ধচন্দ্ৰ বাণ  হানিলে বুকুত
গল ভগদত্ত হ’লি।

 ছাড়ে সিংহনাদ পাণ্ডৱ সেনাই,
 কৌৰব সেনাৰ আজি ধাতু নাই!
পূবলই চাই  বীৰবৰে যেই
শেষৰ নিশ্বাস ললে,
এটুপি অশ্ৰুৰে  এটি হুমুনিয়া
প্ৰাগ্জ্যোতিষৰ ব’লে।

 শুনি সিংহনাদ আহি টলকতে
 বীৰ ঘটোৎকচ অভিমন্যু সতে
সিংহৰ বিক্ৰমে  দুয়ো দুই কাষে
জোৰে কি যে আক্ৰমণ,
মৃগযূথ যেন  কৰে কুৰুদলে
নিৰুচ্ছ্বাসে পলায়ন।

 তিতিকাৰি দিলে বাজি সান্ধ্য ভেৰী।
 —আনন্দে পাণ্ডৱ গল যুদ্ধ এৰি।
কৰ্ণ দুৰ্য্যোধন,  দ্ৰোণ দুঃশাসন,
শকুনি আনেকাদিনা,