পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
ৰণ্ জেউতি

এই—এই—ধৰি শুঁৰেৰে মেৰাই
ভীমক আফালে মাৰে!

 পলকতে ভীমে বুদ্ধি প্ৰভাৱেৰে
 বিদ্ধ কৰি শুঁৰ তীব্ৰ নাৰাচেৰে
বিজুলী বেগেৰে  পৰিকি তলত
পেটত আঘাত কৰে;
ভীষণ চীৎকাৰ  কৰি কৰীৰাজে
ত্ৰাসত আঁতৰি পৰে।

 “মাৰিলে মাৰিলে, ভীমক মাৰিলে,”—
 পলাতকে কান্দি গগন ফালিলে
চমকি অৰ্জ্জুন  চঁকি যুধিষ্ঠিৰ
উধাতুৰে আহে লৰি,
ডেও দি উঠিছে  বীৰ ঘটোৎকচ,
অলম্বুষে ৰাখে ধৰি।

 আহিয়ে দেখেকি ভীমে গদা লই
 আক্ৰমে গজক ঘৃতাহুতি হই,
আঁজুৰি গজে সি  গদা কাঢ়ি লই
ভীমৰ মূৰলে মাৰে,
একে উচালতে  বায়ুৰ বেগেৰে
বাগি দি মাৰুতি সাৰে।