পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
ৰণ্ জেউতি


হানে গাণ্ডীবেৰে  মনৰ উল্লাসে
 অব্যৰ্থ সন্ধান তাৰ,
নিৰ্মিষতে সি কি  বিভ্ৰম ঘটালে
 লাগি গল ধৰ-মাৰ।

 পৰস্পৰ দেখে কৃষ্ণ-ধনঞ্জয়,
 কটাকটি কৰি নিজে হল ক্ষয়!
এটি প্ৰহৰতে  নাৰায়ণী সেনা
 ভালেখিনি গল মৰি,
ফুলা মদাৰৰ  অতনা গছনি
 উভলি থাকিল পৰি।

 উৰি গল ৰথ য’ত যুধিষ্ঠিৰ,
 লাগে ঘূৰি ৰণ দ্ৰোণ ফাল্গুনিৰ।
ইফালে গজেৰে  ভগদত্ত বীৰ
 গৰজে ভীমক পাই,
উঠে কি জলক  ৰণ জেউতিৰ
 কাৰো পৰাজয় নাই।

 সুপ্ৰতীক নামে প্ৰাগজ্যোতিষৰ
 সুপ্ৰতীক সঁচা সমস্ত গজৰ,
এনে শিক্ষা তাৰ  অদ্ভুত চালনা,
 নশলাগি কোনে পাৰে?