পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
ৰণ্ জেউতি


 অলম্বুষ বীৰে ৰোধি হৈড়িম্বক
 দিয়ক সুচল প্ৰমত্ত গজক,
ভগদত্তে যাতে  আজিয়ে ভীমক
গচকি মাৰিব পাৰে।
চক্ৰাকাৰে বেহু  ৰচে আচাৰ্য্যই
ক’ত অভিমন্যু সাৰে?

 জমকি উঠিল যত কুৰুবীৰ
 দেখি সুৰক্ষিত ধৰ্ম্ম যুধিষ্ঠিৰ।
কোনে যেন কয়  আকাশ কোলত,
—“অৰে অ’ দুৰ্য্যোধন!
বীৰ অৰ্জ্জুনৰ  ৰথৰ সাৰথি
আপুনি যে নাৰায়ণ।”

 কৰি শঙ্খধ্বনি সেনা নাৰায়ণী
 ঘেৰে চতুৰ্দ্দিশ কৃষ্ণকো নগণি,
যুঁজি প্ৰহৰেক  বীৰ ফাল্গুনিয়ে
নেপায় কেনিও ত্ৰাণ,
উত্তাল তৰঙ্গ  গৰ্জ্জে সমুখত
চমকি উঠিল প্ৰাণ।

 হঠাৎ পাৰ্থৰ পৰিল মনত
 তাষ্ট্ৰ নামে বাণ আছে যে তূণত, ৫১