পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ৰণ্ জেউতি


ভীষ্মৰ বিহনে লব প্ৰতিশোধ
আজি অৰ্জ্জুনক মাৰি।

 কৌৰব সেনাৰ দ্ৰোণত বিশ্বাস,—
 দিলে দ্ৰোণে বুজি সীমাৰে আশ্বাস,— ৫০
“ঘেৰি ধৰি আজি  শ্ৰেষ্ঠ পাণ্ডবৰ
আনিম সিংহক বেৰি,
দেৱৰো দুৰ্দ্ধৰ্ষ  অৰ্জ্জুনে যদিহে
দিয়ে অৱকাশ এৰি।”—

দ্ৰোণে ৰচে বেহু, শকুনিৰ চাল,
উঠিছে গুজৰি কৰ্ণ মহাকাল
একে দিনে যেন  দিব জিকি ৰণ,
নাচে দুৰ্য্যোধনে চাই;
এনেতে গাজিলে  শঙ্খ কেশৱৰ
কুৰুকুল চঁকি যায়।

 হুৰাহুৰি লাগে দুয়োটি পক্ষৰ,
 —পাখি আস্ফালন ক্ৰুদ্ধ গৰুড়ৰ!
যুঁজক সিফালে  নাৰায়ণী সেনা
কৃষ্ণ অৰ্জ্জুনক ঘেৰি,
ভীম ভগদত্তে  যুঁজক ইফালে
ধৰ্ম্মক মাজতে এৰি,