পৃষ্ঠা:ৰণ্ জেউতি.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
ৰণ্ জেউতি

“অতদিনে ধৰা বীৰশূণ্য হল,”
—ওলাল বুকুৰ পৰা,
“সাৰ্থক জনম এনেটি বীৰৰ
বিৰুদ্ধে যুদ্ধ কৰা।”

 দশম দিনৰ হল অৱহাৰ,
 ঘৰে পৰে মিলি কৰে হাহাকাৰ!
ভীষ্মৰ লগতে  হিয়া দেৱতাৰ
নিজাৰ পৰিল,—গল!
ভিন ভিন পথ কুৰু পাণ্ডবৰ
অশ্ৰুৰে নেদেখা হল।

 অৰ্দ্ধেকৰ বেচি উভয় পক্ষৰ
 হল অতদিনে অতিথি যমৰ।
হতাশ যুঁজাৰু  যুঁজত লগোৱা
কেনে সি কঠিন কাম,
সাধিলে সহজ  দাতাকৰ্ণে তাক
জলালে বীৰৰ নাম।

 আচাৰ্য্য দ্ৰোণক পাতি সেনাপতি
 ওলাল যুদ্ধলে ক্ৰূৰ কুৰুপতি।
সেনাৰ আগত  কৰ্ণ মহাবীৰ
আহিছে হুঙ্কাৰ ছাড়ি,