পৃষ্ঠা:ৰণ্ জেউতি.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ৰণ্ জেউতি


 এই অনুক্ৰমে যায় দহদিন,
 যিদিনা জাহ্নবী হল পুত্ৰহীন,
শৰৰ শয্যাত পৰি পিতামহ
গণিছে শেষৰ দিন;
নধৰা কৃষ্ণক  অস্ত্ৰ ধৰালে ৪৯
গল ভকতিত লীন।

 আখৰে আখৰে প্ৰতিজ্ঞা দুষ্কৰ
 শেষ নিশ্বাসেৰে ৰাখিলে নিজৰ,
শৰৰ অঞ্জলি  ললে অৰ্জ্জুনৰ
বুকুত দিলে যে ঠাই,
তীৰৰ শয্যাত  পৰি ৰ’ল বীৰ,
—দিবলে তুলনা নাই।

 এনেটি বীৰৰো আতঙ্ক জগালে,
 দিনে দিনে কি যে চমক লগালে,
নিজ বীৰ্য্য বলে  বীৰ ঘটোৎকচ
ভাৰতত ধন্য হল;
আৰ্য্যৰ হিয়াত  অনাৰ্য্যৰ নাম
কল্পান্ত কাললে ৰল।

 শুনি হৈড়িম্বই ভীষ্মৰ নিপাত,
 থমকি খন্তেক কৰে অশ্ৰুপাত,