পৃষ্ঠা:ৰণ্ জেউতি.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ কপোলকম্পিত বেচি একো নাই, ত্ৰিকালজ্ঞ বেদব্যাসকে প্ৰতিপদতে সামান্য বিদ্যা-বুদ্ধিৰে যতদূৰ অনুসৰণ কৰিব পাৰি তাকে মাথোন কৰা হৈছে। বীৰ ঘটৎকচৰ জন্ম হিড়িম্বাপুৰত, যাক আমি আমাৰ ডিমাপুৰ বুলিয়েই বিশ্বাস কৰোঁ। নৰকাসুৰক অসুৰ বোলাৰ দৰে হিড়িম্বকো সেইকালৰ লোকে হয়তো ৰাক্ষস বুলিছিল। ই হল তেতিয়াৰ দিনৰ আৰ্য্য আৰু আৰ্য্যেতৰৰ মনোভাব। তেহেলৈ যেই হওক, ঘটোৎকচে হিড়িম্বাৰ গৰ্ভত জন্ম ধাৰণ কৰিও নিজৰ শৌৰ্য্য-বীৰ্য্যেৰে অৱহেলিত ৰাক্ষসকূল কিমান ওপৰলৈ তুলিলে, কেনেকৈয়ে বা নিজপ্ৰাণ আহুতি দি মহাভাৰতৰ মহাযুদ্ধ প্ৰকাৰান্তৰে জয় কৰি দি গল, তাৰ আদ্যোপান্ত কথা ব্যাসদেৱৰ শ্ৰীমুখৰ শ্লোকাৱলীৰ পৰা শুনিবলৈ পালে বুকু নাচি উঠে। এনে এজন অসমবাসী নাই, ভাৰতবাসী নাই, যি জানি-শুনি এই মহত্ত্ব, এই বীৰত্বলৈ চাই গৌৰব নকৰিব। হিড়িম্বাপুৰৰ লোকসকল আদিতে মহাভাৰতত উল্লিখিত কিৰাতসকলৰ এটা ঠেঙ্গুলি আছিল বুলি সিবিলাকৰ বংশধৰ সকলে বিশ্বাস কৰে। অৰ্জ্জুনৰ আৰাধনাত সন্তুষ্ট হৈ কিৰাত ৰূপেৰে হৰ-পাৰ্ব্বতীয়ে তেওঁক অস্ত্ৰদান কৰাৰ কথা মূল মহাভাৰততে আছে। সিবিলাকে হৰ-পাৰ্ব্বতীক আজিও অন্য নামেৰে পূজা কৰে। কামাখ্যাক “কামৰূ” বুলি আৰাধনা কৰাৰ কথা সিবিলাকৰ শিক্ষিত জনদিয়েকে স্বীকাৰ কৰে। কামাখ্যা কিমান পুৰণি কোৱাটি টান। মহাভাৰতৰ যুদ্ধতকৈ যে ই পুৰণি এই কথা বিশ্বাস কৰিবলৈ যথেষ্ট কাৰণ আছে। ৰণলৈ ওলায়েই