পৃষ্ঠা:ৰণ্ জেউতি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম সৰ্গ

 শিবিৰে শিবিৰে সুৱদি সন্ধ্যা
 ফুলেকি প্ৰাণৰ ৰজনী-গন্ধা!—
ঘৰে পৰে মিলি আঁকোলা আঁকোলি,
মুখত হিয়াৰ হাঁহি,
কেনি বাজে অই,  জোনোৱালী ৰাতি
নিমাতে মোহন বাঁহী!—

 গন্ধ অনুলেপ, স্নান আহাৰেৰে
 জনে জনে হাঁহি মুকলি মনেৰে,
দিয়ে ঢালি চিত  গীত তৰঙ্গত
ঝঙ্কাৰে বীণাৰ তান;
নয়ন বাণেৰে  জিনে নাচনীয়ে
বাণেৰে নিজিনা প্ৰাণ।

 শ্ৰমেৰে অৰ্জ্জা সুখৰ নিদ্ৰাই
 গ্লানি শৰীৰৰ নিয়েহি নিৰাই;
পুৱালে প্ৰস্তুত  দিনৰ ৰণলে’,
লাগে ঘূৰি মহামাৰ;
আপোন পৰৰ  এনেটি সপোন,
চিনো যে নৰয় তাৰ!