পৃষ্ঠা:ৰণ্ জেউতি.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
ৰণ্ জেউতি


 অস্ত্ৰে অস্ত্ৰে কটাকটি কৰি বহুক্ষণ।
 ভয়ঙ্কৰ গদা ভীমে কৰিলে ক্ষেপণ;
আচাৰ্য্য অৱশ হল,  আঘাতত মূৰ্চ্ছা গল,
 ৰথে সতে সাৰথিয়ে নিলে আঁতৰাই;
 —কৌৰবৰ সেনা যত বিভঙ্গে পলায়।

 হতাশেৰে দুৰ্য্যোধনে দিলেগে বাতৰি,
 ভীষ্মদেৱ, ধনঞ্জয় আহিল আঁতৰি,
ভীমে ভগদত্ত বীৰে,  ভীষ্ম সহ যুধিষ্ঠিৰে
 আৰম্ভিলে মহাযুদ্ধ এৰণ থলত,
 অৰ্জ্জুনে যোগান দিয়ে খাণ্ডৱ-দাহত।

 অভিমন্যু ঘটোৎকচ অগনি-কলাই,
 ভমকি জলিল ঘূৰি মাৰিছে জলাই;
এই পৰে অশ্বগজ,  সউ ভাঙ্গে ৰথধ্বজ,
 বজ্ৰেৰে বিজুলী গাজে মাৰে চক্ৰবাণ,
 অগ্নি অস্ত্ৰ গৰ্গৰায় স্তব্ধ কৰে কাণ!

 প্ৰদীপ নুমায় এই উঠিছে জলকি,—
 দিনান্তৰ যুদ্ধ তেনে উঠিল জমকি!
তেনেতে বাজিল ভেৰী।  সন্ধ্যা হল, যুঁজ এৰি
 দিহাদিহি শিবিৰলে’ এই গুচি গল।
 – কৰুণ শ্মশানখনি মৰি পৰি ৰল!