পৃষ্ঠা:ৰণ্ জেউতি.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
ৰণ্ জেউতি


 সউফালে ইৰাৱান—ফাল্গুনি নন্দন,
 নাগৰাজ নন্দিনীৰ আঁচলৰ ধন,
ঘোঁৰা উঠি মণিপুৰী  তীৰ বেগে আহে উৰি
 উশাহতে ধৰে ঘেৰি শকুনি মামাক;—
 পাশাৰ গুটিৰ চাল কৰেচোঁ অবাক।

 দুৰ্যোধনে দেখে মামা হাততে হেৰায়,
 সসৈন্যে আহিল উৰি ধূলি উৰুৱাই।
কৰে সি কি ইৰাৱানে?  যোদ্ধা যত স্তব্ধ মানে;
 দুহাতে দুখনি অসি এনে ক্ষিপ্ৰতাৰে
 ঘূৰে একেখনি যেন দেখি চক্ৰাকাৰে;

 অসি নে পাখিৰে ঘোঁৰা? এই ওচৰত,
 উফৰিছে শিৰে শিৰ সউৱা দূৰত।
বিকট মুখেৰে লৰি  লক্ষ্য দিয়ে ব্যৰ্থ কৰি,
 গজেৰে ৰোধিলে পথ দুৰ্য্যোধনে চাই,
 — সৰুৱালে শকুনিক পাচ হোঁহকাই।

 জাতবৈৰ মায়াবীক মাতি ইঙ্গিতেৰে
 লগালেহি মায়া যদ্ধ এই মায়িকেৰে।
ঋষ্যশৃঙ্গ মহাবীৰ,  দুৰ্গ সিয়ে অৰাতিৰ,
 আঁৰে আঁৰে থাকি তাৰ ক্ৰূৰ দুৰ্য্যোধনে
 নিক্ষেপিছে স্বৰ্ণপুঙ্খ বাণ ঘনে ঘনে।