পৃষ্ঠা:ৰণ্ জেউতি.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
ৰণ্ জেউতি


 অশ্বত্থামা, কৃপাচাৰ্য্য, শল্যক প্ৰণাম
 কৰি ললে ধৰ্ম্মবীৰে জয়েৰে সুনাম।
ঈৰ্ষাৰ অগনি জলে;  কয় বাকী কুৰুদলে—
 “বেচ কৰে অভিনয় বিড়াল-ব্ৰতৰ।”
 —ইফালে বাজিল শঙ্খ যুদ্ধ আৰম্ভৰ।

 ধুমুহাৰ বেগে ভীম গাজে গৰ গৰ,
 উৰি কি অযুত তীৰ ত্ৰস্ত বিপক্ষৰ
ক’লা কৰি ওন্দোলায়;  গদাৰ ঘূৰণ বাই,
 গাণ্ডীবৰ বিশ্বদাহী তীব্ৰ বিজুলীত
 ৰক্তবৃষ্টি কৰা মেঘ কৰে সিচঁৰিত।

 অৰ্দ্ধভগ্ন ৰথধ্বজ বনষ্পতি প্ৰায়
 ডাল মূৰ ভাগি ভাগি ভূমিত লেটায়।
প্ৰথম হেঁচাতে এই  কেবাটিও ভায়েকেই
 গা-গছ ছিগি শোৱে চিৰদিনলই।
 কান্দিলেগে দুৰ্যোধনে গাঙ্গেয়ক কই।

 গৰজি আহিল ভীষ্ম ৰুদ্ৰ মূৰতিৰে
 নোৱাৰে তিষ্ঠিব কোনো পাণ্ডবৰ বীৰে।
ধুমুহাত সেনা সৰে,  অ’ৰ পাত ত’ত পৰে,
 আহতৰ আৰ্ত্তনাদ হাতীৰ চিঞৰ,
 থাকি থাকি সিংহনাদ উঠিছে ভীষ্মৰ।