পৃষ্ঠা:ৰণ্ জেউতি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
ৰণ্ জেউতি


 পদব্ৰজে কৃষ্ণাৰ্জ্জুন পাচে পাচে চলে।
 দুৰ্য্যোধন আদি কৰি কুৰুবীৰ দলে
নুবুজিলে অভিপ্ৰায়, নতশিৰে কিয় যায়?
 অপৰ্যাপ্ত সেনা দেখি লাগে জানো ত্ৰাস,—
 ইয়ে সিয়ে টিপিয়াই কৰে উপহাস।

 কলে ধৰ্ম্মৰাজে ধৰি ভীষ্মৰ চৰণ,—
 “নিৰুপায়, পিতামহ, কৰোঁ আমন্ত্ৰণ।
পিতৃহীন সন্তানৰ  এয়ে স্থান আশ্ৰয়ৰ,
 কেৱলে আশীষ ধাৰা কৰক বৰ্ষণ;
 অনুমতি দিয়ে যেন জিনো এই ৰণ।

 “জয় হ’ক বাছা তোৰ”—ভীষ্মৰ মুখত!—
 পৰিল এটুপি অশ্ৰু ধৰ্ম্মৰ শিৰত;
দেৱৰ আশীষ বলি  গোটেই আকাশ গলি
 একে টুপি অশ্ৰু তাতে জিলিকি পৰিল,
 পদধূলি শিৰে লই জয়েৰে ঘূৰিল।

 জনালে প্ৰণাম কৰি শ্ৰীগুৰু চৰণ,
 “ৰাজ্যহীন, গুৰুদেৱ,—কৰোঁ আমন্ত্ৰণ।
আশীষেৰে অনুমতি  কৰক পুত্ৰৰ প্ৰতি
 চৰণ ছাঁয়াত যেন জিনো মহাৰণ;
 “জয় হ’ক,”—দিলে দ্ৰোণে আশীষ বচন।