পৃষ্ঠা:ৰণ্ জেউতি.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
ৰণ্ জেউতি


 বাহুবল, ধনবল, বোলা মন্ত্ৰবল,
 অধ্যাত্মৰ শক্তি বিনে নফলে সুফল।
সত্য দয়া ধৰ্ম্মবল,  জিনে এয়ে ভূমণ্ডল,
 এয়ে যে ব্ৰহ্মাৰে বাণী সৃষ্টি পাতনিৰ,
 দৃঢ়বুদ্ধি-অঙ্কুশেৰে কৰাঁ মনস্থিৰ?

 নহবা কৰ্ণৰ দৰে, নোৱাৰি শুনিব—
 জীৱিত থাকিলে মই অস্ত্ৰ নধৰিব;
বৃদ্ধৰ কথা হে লয়,  অতিবৃদ্ধ বোলে মই;—
 হাজাৰ ৰথীৰে দিনে অযুত যোদ্ধাৰ—
 প্ৰতিজ্ঞা কৰিলোঁ— প্ৰাণ কৰিম সংহাৰ;

 ভূমিকম্প উল্কাপাত, বৃষ্টি কৰ্দ্দমৰ
 ঘটক যিমানে ঘটে উৎপাত দৈবৰ।
ভীষ্মৰ পুৰুষকাৰ  জলি যাব শেষবাৰ
 ৰাখিব প্ৰতিজ্ঞা তাৰ, যোৱাঁ দুৰ্য্যোধন।
 —ভাৰতৰ ভ্ৰাতৃ-হত্যা হ’ক আৰম্ভন!”

 ছাড়ে কি যে সিংহনাদ উঠিয়ে ৰথত,
 দুনাই গগন ফালে শঙ্খ নিনাদত!
গল ভীম আগ বাঢ়ি  আস্ফোটেৰে নাদ কাঢ়ি
 —অস্ত্ৰ ছাড়ি নগ্ন পদে, ই কি যুধিষ্ঠিৰ!
 অবাক মানিলে দেখি দুয়ো পক্ষে বীৰ।