পৃষ্ঠা:ৰণ্ জেউতি.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
ৰণ্ জেউতি


 আছে জানো এই পক্ষে এনে কোনো বীৰ
 ছন্ন যি কৰিব পাৰে বীৰ্য্য মায়াবীৰ?”
আগ বাঢ়ি দুৰ্য্যোধনে কলেহি নিৰ্ভয় মনে,—
 “আছে তিনি মহাবীৰ ৰাক্ষস প্ৰধান
 নহব সি ঘটোৎকচ এটিৰো সমান।

 পিতৃহত্যা প্ৰতিশোধ লবৰ কাৰণে
 গুজৰি গুমৰি আছে অতি সংগোপনে।
মায়াবীত কিবা ভয়? ভীমে দেখোঁ কৰে জয়?
 কণ্টকে কণ্টক কঢ়া মামা যে আমাৰ,
 যেনেকি মায়াবী হ’ক চিন্তা নাই তাৰ।”

 কথা শুনি হাঁহি কয় গঙ্গাৰ নন্দনে,—
 “অৱজ্ঞা নকৰি কাকো যুঁজা কায়মনে।
ভীমে যদি কৰে জয়,  তোমাৰে যে পৰাজয়,
 নহয় কদাপি যাতে যাবা তাকে চাই।—
 দেৱতাৰো বুদ্ধি হৰে আসুৰী মায়াই।

 নিজ নিজ বুদ্ধিবৃত্তি চলিছিল জানি
 হৈহয় হাতত নিতে পৰাজয় মানি, ৪৮
একে বুদ্ধি এক মত  হল যেই অনুগত,
 ব্ৰাহ্মণে জিনিলে ৰণ ক্ষত্ৰিয় ঘাটিল।
 —অতীত আদৰ্শ ই যে কাললে থাকিল।