পৃষ্ঠা:ৰণ্ জেউতি.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৶৹]


 বৰ্ত্তমান যি না-নতুন না-পুৰণিৰ বোল—সেয়ে চকুত পৰিব মোৰ এই পুথিখনিত। নতুন বুলিলেই যে অনাদৃত হব, পুৰণি বুলিয়েই যে আদৰ পাব, এনে কোনো কথা সন্তৰ সমাজত চলিব নোৱাৰে, নচলে। এই সমস্য়া আজিৰ নহয়, ডেৰ হাজাৰ বছৰৰো আগতে কবি কালিদাসেও কৈ যাবলগীয়া হৈছিল,— “পুৰাণমিত্যেব ন সাধু সৰ্ব্বং ন চাপি কাব্যং নবমিত্যবদ্যম। সন্তঃ পৰীক্ষ্যান্যতৰদ্ভজন্তে, মুঢ়ঃ পৰপ্ৰত্যয়নেয় বুদ্ধিঃ॥”—আজিকালিৰ যি নতুনত্ব তাৰ সৰহ ভাগেই বিদেশৰ আমদানী, চকুৰ আগৰটি এৰি আঁতৰৰ উপমাৰে বিজতৰীয়া। তেতিয়াৰ দিনৰ নতুনত্ব উদ্ভৱ হৈছিল দেশৰ স্বাভাবিক ধাৰাত আপোনা আপুনি। এয়ে যি প্ৰভেদ। প্ৰভেদ যিমানে বিয়াপক হৈছে, সিমানেই নতুনৰ সমস্যাই চকুত ধৰিছে। আমাৰ ভাগ্য ভাল,— দেশত সন্তসকলৰ অন্ত হোৱা নাই৷ পুৰণিৰ বুকুত নতুন ৰচনাৰ ধাউতি এটি চকুত পৰাত দেখাক দেখি পুৰণি গাটোত নতুন সাজপাৰ পিন্ধি ওলাই আহিবৰ সাহ হৈছে। ওলাই আহিছোঁ। সন্তসকলে নিজগুণে পৰীক্ষা কৰি যেনে মন যায় তাকে যেন কৰে।

 পুথিখনিৰ সূত্ৰডালি মূল মহাভাৰতৰ। তাকে ঠায়ে ঠায়ে বোলাই নিজৰ অভিৰুচিৰে অলঙ্কাৰ-পাতি খুৱাই সময়োপযোগী কৰিবৰ চেষ্টা কৰা হৈছে। লগে লগে আশঙ্কাও জাগিছে,— জানোচা অযথা ঠাইত অলঙ্কাৰৰ অপপ্ৰয়োগ কৰি হাস্যাস্পদ হোৱা যায়। তেওবুলি সান্তনাৰ ঠাই আছে,—কাহিনীটিত