পৃষ্ঠা:ৰণ্ জেউতি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
ৰণ্ জেউতি


 ৰথত উঠিয়ে কৃষ্ণে কলে ফাল্গুনিক,—
 “দেখিছানে আকাশত ৰণ-ৰঙ্গিনীক?
কংসৰ আছাৰ এৰি জিলিকিছে কেনে কৰি ৪৫
 যাচিছে অভয় বাণী, কিনো মউমাত!
 প্ৰাণ ভৰি সখা তুমি, কৰাঁ প্ৰণিপাত।”

 দ্বাদশ সূৰ্য্যৰ তেজে জিনি নভস্থল,
 পদতলে জল্‌মল্‌ ৰক্ত শতদল,
ই কি দীপ্ত অৱতাৰ,  ৰণ প্ৰিয়া চামুণ্ডাৰ!
 ৰুধিৰাক্ত মহা খড়্গ নাচে ভয়ঙ্কৰ,
 নিশ্বাসত পৃথ্বী যেন টলে থৰ থৰ।

 মুখত ফুটিছে কিনো হাঁহি জননীৰ,
 হাতত অভয়-মুদ্ৰা—শান্তি সন্ততিৰ।
অশ্ৰু নেত্ৰে পাৰ্থবীৰ  দোঁৱায় ভক্তিৰে শিৰ,
 কণ্ঠত ভাৰতী জাগি কৰে স্তুতিবাদ, ৪৬
 প্ৰাণেৰে মিনতি ঢালি মাগে আশীৰ্ব্বাদ।

 চিকোণ হাঁহিটি মাৰি ৰণ জেউতিয়ে
 বিজয়ী হবলে’ বুলি গল বৰ দিয়ে।
সিদ্ধি হল মনোৰথ,  চলিল পাৰ্থৰ ৰথ,
 থমকিল দুয়ো পক্ষ সেনাৰ মাজত।
 —লাগে চোন তোল্‌পাৰ পাৰ্থ-হৃদয়ত