পৃষ্ঠা:ৰণ্ জেউতি.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
ৰণ্ জেউতি


 গৰুড়-দৃষ্টিৰে জাগি ৰবা দুয়োজন,
 উৰা মাৰি উৰুৱাবা অতি-আক্ৰমণ।
সউ যে তাৰাৰে ৰথ  আগুৰি ৰাখিবা পথ, — ৪১
 ৰণতো ভীষণ ভীষ্ম—অব্যৰ্থ সন্ধান,
 পথত পৰিলে জানা নাই কাৰো ত্ৰাণ।”

 শিৰত আদেশ গুঁজি নিজ স্থান লই
 গল দুটি বীৰ পুত্ৰ গলাগলি কই,
ভীমলে কৃষ্ণই চাই  কলে বেহু দেখুৱাই,-
 “প্ৰস্তুত সকলো আমি, হল আয়োজন,
 জয়ে জয়ে কৰাঁ দাদা, তুমি আক্ৰমণ।”

 দূৰত পাণ্ডব সেনা প্ৰফুল্লিত মনে,
 ৰথধ্বজ দেখি মাথোঁ ক্ৰুৰ দুৰ্য্যোধনে
দেখাত তাকৰ পাই  নিজৰ সাগৰ চাই
 তাচ্ছিল্যৰ হাঁহি এটি হাঁহে মনে মনে,
 —নিৰ্ধনৰ আয়োজন দেখে ধনীজনে।

 তেনেতে উঠিলে যেন ব্ৰহ্মাণ্ড শিহৰি,
 পাঞ্চজন্য শঙ্খনাদ কৰিলে শ্ৰীহৰি! ৪২
দেবদত্ত শঙ্খধ্বনি  উঠে তাৰ প্ৰতিধ্বনি!
 —বুকুত বজ্ৰৰ ধ্বনি শুনে দুৰ্য্যোধনে,
 অন্ধকাৰ দেখি গল অন্তৰ নয়নে!