পৃষ্ঠা:ৰণ্ জেউতি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
ৰণ্ জেউতি


 দেৱৰো দুৰ্জ্জয় নিজে ইচ্ছামৃত্যু বীৰ
 ৰচিছে প্ৰকাণ্ড বেহু—দুৰ্গম গভীৰ।
শুক্ৰৰ সমান চাল,  ৰণজয়ী চিৰকাল, ৩৯
 অবাক মানিছে দেখি পক্ষে পাণ্ডবৰ,—
 একাদশ অক্ষৌহিনী সেনাৰ সাগৰ!

 মাত্ৰ সাত অক্ষৌহিনী সৈন্যবল লই
 কি সাধ্যে পাণ্ডবে তাক আগুৰিব গই?
বুদ্ধিবলী যুধিষ্ঠিৰে  চিন্তে পাৰ্থ সাৰথিৰে,
 সূচিমুখ বেহু ৰচি বৃহস্পতি মতে ৪০
 সূচ্যগ্ৰ মেদিনী কাঢ়োঁ পোন প্ৰথমতে।

 সজ্জীভূত ঘটোৎকচ, চকুলই চাই
 কলে কৃষ্ণ কৰ্ণাধাৰে,—“যোৱাঁ দুয়ো ভাই,
অভিমন্যু আৰু তুমি,  দেখিছাতো ৰণভূমি,
 থাকাঁগই স্থান বুজি বেহুৰ পাচত,
 প্ৰধান দায়িত্ব দিলোঁ দুয়োৰো হাতত।

 জাপ দিব ভীমাৰ্জ্জুন ৰণ তৰঙ্গত,
 লক্ষ্য হব দুয়ো বীৰ আজিৰ ৰণত।
নেযায় চকুৰে মনা,  শত্ৰুৰথী কত জনা
 অতৰ্কিতে ফণা তুলি চাৰি দিশে ঘেৰি
 মৰাজীয়া জুমুৰিত দিয়ে কাক এৰি।