পৃষ্ঠা:ৰণ্ জেউতি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ৰণ্ জেউতি


 ক’লা পৰি আহে ছগা পাখি গজি তাৰ,
 — ভায়ে ভায়ে ভাৰতত ই-কি হাহাকাৰ!
গুচি গল ধীৰে ধীৰে,  তিতি নয়নৰ নীৰে
 জাগে য’ত অন্ধৰাজ ছাড়ি দীৰ্ঘশ্বাস,
 এই আশা, এই জলে—এই সৰ্ব্বনাশ!

 পিতৃৰ হিয়াৰে দেখি দশা আতুৰৰ
 অযাচিতে দিলে যাচি সান্ত্বনা দৈবৰ;
চাবলই দৃষ্টি পাই  তাকো যে নললে নাই,
 কিনো সতে চায় সেই উৎখাত সংহাৰ,—
 জানোচা আগতে হিয়া হয় চূৰমাৰ।

 বৈতালিক চাৰণৰ উঠে কণ্ঠস্বৰ,
 সমন্ত পঞ্চক তীৰ পুৱাতে মুখৰ। ৩৭
স্নান দান আহুতিৰে  উভয় পক্ষৰ বীৰে
 তুলিছে আকাশ ভেদি মন্ত্ৰৰ কল্লোল,—
 দুৰ্দ্দৈবত উঠে সি কি হৰিধ্বনি ৰোল।

 পূবে সাজে ভীষ্মদেৱে, পশ্চিমেদি ভীম,
 ছাড়ে দুয়ো সিংহনাদ উৎসাহ অসীম।
সাজু হল অশ্বগজ,  জিলিকিল কপিধ্বজ, ৩৮
 নাচি উঠে কোষমুক্ত খড়্গ ভয়ঙ্কৰ,—
 অঘৰী জঁপাৰ যেন তীব্ৰ বিষধৰ।