পৃষ্ঠা:ৰণ্ জেউতি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
ৰণ্ জেউতি


 যোৱাঁ থাকাঁ, দূত তুমি, যেনে অভিপ্ৰায়।
 তোমাৰ মঙ্গল হ’ক। আৰু কথা নাই।”
অগ্নিৰ গ্ৰাসত পাই  গৰু যেনে সৰুৱায়
 সৰুৱালে দূত সিটি কৌৰবৰ ভাই।—
 পালেকি নেপালে বুজ, বুজা যে নেযায়।

 সেনাৰ সংগ্ৰহ চেষ্টা হল সমাপতি,
 নিৰ্ব্বাচিত ধৃষ্টদ্যুম্ন সৰ্ব্ব-সেনাপতি।
যাদৱৰ আদেশত  পাণ্ডবৰ শিবিৰত
 চলি গল নিয়াৰিৰে যাত্ৰা আৰম্ভন,—
 মিলালে বিধিয়ে নিধি আশাৰ স্বপন।

 সেইদিনা আকাশত সপ্ত জ্যোতিস্কৰ
 অদ্ভুত সঞ্চাৰ ঘটে উগ্ৰ হুতাহৰ!
কি যে যুগান্তকাৰী  ভয়ঙ্কৰ মহামাৰী,
 হুঙ্কাৰিছে বিনাশব্দে ঘটনা দাৰুণ,
 —ভৌতিকত অধ্যাত্মৰ ক্ৰিয়া নিকৰুণ!—

 ত্ৰিকালজ্ঞ বেদব্যাসে ব্ৰাহ্ম মুহূৰ্ত্ততে
 চাই গল কুৰুক্ষেত্ৰ আপোন মনতে,
পূব মুখে যুধিষ্ঠিৰ,   পশ্চিমলে কুৰুবীৰ
 ধৰ্ম্মময় মন্যুময় মহাদ্ৰুম দুই ৩৬
 ঘটালে ঘৰ্ষণ ঘোৰ, উঠি গল জুই।