পৃষ্ঠা:ৰণ্ জেউতি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
ৰণ্ জেউতি


 অশ্ৰু টোকে ঘঁৰিয়ালে আহাৰ চোবাই,
 মুখত কুন্ধচ এনে শব্দ তাৰ নাই।—
তেনেতে দ্বাৰিকেশ্বৰে  কলে কি গম্ভীৰ স্বৰে,—
 “কুৰুজ্যেষ্ঠ নৃপতিক দিবা সমিচাৰ,
 প্ৰত্যাশা নকৰোঁ আৰু ভাল ব্যৱহাৰ।

 হৈয়ে আছে পাণ্ডবৰ প্ৰতিজ্ঞা পালন,
 বিতত হবৰ একো নেদেখোঁ কাৰণ;
যৱনিকা-নিশা ঠেলি  কালি দিনে চকু মেলি,
 দেখিব দুয়োটি দল মুখামুখিকই,
 —যাৰ যেনে কৰ্ম্মফল ভোগা তেনেকই।”

 “দিবা গই দূত তুমি”, কলে ধৰ্ম্মৰাজে,
 “যাবতীয় সমাচাৰ কুৰুসভা মাজে।
আগত পূজ্যক লই  আহে কিয় যুদ্ধলই?
 নাইনে বাহুত শক্তি আৰু সেনাবল,
 —গুৰু জ্ঞাতি হত্যা কৰা কাৰ এই ছল?

 আস্ফোটক আস্ফোটেৰে দিয়ে সমিধান, ৩৫
 ক্ষত্ৰিয় বীৰৰ সেয়ে ৰণৰ নিদান।
নাই বাক্য বেচিকই,  তথাপি ক্ষত্ৰিয় হই
 আমন্ত্ৰণ ৰণলই কৰিলোঁ গ্ৰহণ।
 যথাশক্তি মনোবাঞ্ছা কৰিম পূৰণ।