পৃষ্ঠা:ৰণ্ জেউতি.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ৰণ্ জেউতি


 প্ৰকাশ্যে আহক কৃষ্ণ ভেঁড়া পাণ্ডবেৰে,
 নিয়ক সিংহৰ ভাগ সিংহ-বিক্ৰমেৰে।
ধৰ্ম্মৰাজ নাম লই  গুৰু জ্ঞাতিবধী হই
 আচৰক ধৰ্ম্ম তাৰ যেনে অভিমত,
 —প্ৰচ্ছন্ন পাপেৰে ই যে বিড়ালৰ ব্ৰত।৩৪

 ভীষ্ম দ্ৰোণ সমন্বিতে কালি পুৱালই
 আহিব অজস্ৰ সেনা কুৰুক্ষেত্ৰলই,
সেনা দেখি চক্ষুস্থিৰ  নোহোৱা কোনোবা বীৰ
 আছে যদি পাণ্ডবৰ,—দিছে আমন্ত্ৰণ।
 —কৌৰব দূতৰ মাত্ৰ এয়ে নিবেদন।’

 আৰু কত কটু কথা কলে জনে জনে,
 জ্বালি দিলে হিয়া যত সুতীব্ৰ দাহনে;
এনেয়ে সি তীক্ষ্ণ শৰ  তাতে বিষ বিদ্ৰূপৰ
 জৰ্জ্জৰিত কৰি তোলে ভীষণ ক্ৰোধত,
 —অগ্নিৰ স্ফুলিঙ্গ যেন ফুটে নয়নত।

 গুৰুজন সমুখত, নিজ প্ৰকৃতিৰে
 যথাযোগ্য সমিচাৰ দিলে বীৰে ধীৰে;
কথা শুনি হৈড়িম্বই   কব খুজি গমি ৰয়,
 —আৰ্য্যৰ কমল-মুখ দুৰ্গন্ধ ইমান,
 ৰাক্ষসে নেজানে এনে বাক্যৰ বিধান।