পৃষ্ঠা:ৰণ্ জেউতি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
ৰণ্ জেউতি


 ‘মহামানী দুৰ্য্যোধন—ভাগ্যৰ বিধাতা—
 যুধিষ্ঠিৰ প্ৰভৃতিক দিয়ে ই বাৰতা,—
পাণ্ডবেৰে যুধিষ্ঠিৰ  কৃপাপাত্ৰ দ্ৰৌপদীৰ
 বিৰাটৰ দাসাঙ্কন কপালত যাৰ,
 বঁজা-তিল,—পুৰুষালি আছে জানো তাৰ? ৩২

 থাকিলে এধানি তেজ হ’ক অগ্ৰসৰ,
 শেষ আশা ফলাবৰ এয়ে অৱসৰ।
সূপকাৰ বৃকোদৰ  বীৰ মুঠে ভোজনৰ,—
 ধুমুহাৰ তাড়ণত দক্ষিণ-মেঘৰ
 গৰ্জ্জনেহে সাৰ তাৰ, বৃথা আড়ম্বৰ।

 তথাপিতো গদাযুদ্ধ হলে অভিলাষ,
 আহক গদাৰে লৰি, বুজক আভাস।
ব্ৰাহ্মণৰ বেশ ধৰি  যাজ্ঞসেনী লাভ কৰি
 ভাবিছে সি বিদুৰৰ ধৰ্ম্মে দিব কাম;—
 ভিক্ষাৰ নামেৰে লব পাঁচখনি গ্ৰাম।

 দাতাৰ নহল ইচ্ছা। আৰু কথা নাই।
 দুৰ্ব্বলৰ যুক্তি কিয় ধৰ্ম্মৰ দোহাই?
নোৱাৰি কোনোটি ফালে  ইন্দ্ৰজাল তৰঙ্গালে
 নোহোৱাতে হোৱা কৰি ধূৰ্ত্ত কলীয়াই,
 ৰক্ষা পালে বন্ধনত ফাঁকি দি পলাই। ৩৩