পৃষ্ঠা:ৰণ্ জেউতি.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 এই পুথিখনি কোন্ধোৱা আজি ভালেমান দিন হল। বিষয় বস্তুও জাতে পুৰণি। ৰচনাৰ ধৰণ-কাৰণ আৰু ছন্দ-অলঙ্কাৰ আদিও সেই তাহানিৰেই বুলিলেও বঢ়াই কোৱা নহয়। তথাপি ইয়াক প্ৰাচীন ধৰণৰ কাব্যৰ আভাস বুলিবলৈকো সাহ নহয়; কিয়নো, প্ৰাচীন কাব্যৰ সমালোচক সকলৰ বিচক্ষণ বিচাৰত ই যে দোষৰ পৰা অব্যাহতি পাব তেনে আশা মোৰ এধানিও নাই। আমাৰ কাব্যৰ ধাৰালৈ মাজতে অমিত্ৰাক্ষৰ ছন্দৰ পচিমীয়া বান এটি আহিল। সি অতকালে বৈ থকা অসমীয়াৰ একাৱলী গজগতি আদি ছন্দৰ জানজুৰিবিলাক বুৰাই হোলাবোৰেৰে একে-কটি কৰি পেলালে। বান শুকাই এতিয়াও পলস পৰা নাই। চামে চামে নতুন নমুনা আহিবই লাগিছে। বান আহে, বান যায়। কোনোকালেই সি খিলঞ্জীয়া নহয়। তাৰ ভিৰ ভাগিলে ঠায়ে ঠায়ে জান-জুৰি ওলাই পৰে। হয়তো তাৰ সীমা মুৰিয়লি , লৰচৰ হয়, পানীবোৰো কেচেমা কেচেম গোন্ধায়,—তথাপি তাৰ লোপ নহয়, শৰতৰ দৰে আকৌ একোটি যুগ আহি পানী তাৰ নিকা কৰিব, অন্তৰৰ উৎস বোৱাই আনি স্বভাৱৰ ধাৰেদি লৈ যাব। তালৈ এতিয়াও দিন আছে যেন লাগে।