পৃষ্ঠা:ৰণ্ জেউতি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
ৰণ্ জেউতি


তাৰ যে জননী তুমি  তুলি ললা শিৰ চুমি;
 ৰাখিব মাতৃৰ মনে, হ’ক আৰু হয় কি।
 আহি গল বীৰপুত্ৰ, আৰু দেবী ভয় কি?”—

কথা কৈয়ে এনেকই  গল নিজা কাৰ্য্যলই।
 পুত্ৰ আৰু জননীৰ চাৰি চকু তিতিলে,
 অময়া সুখত দেহি আজি দুয়ো উটিলে।
স্নেহে যত্নে দ্ৰৌপদীৰ  পথশ্ৰান্তি সবাটিৰ
 উৰি গল ততালিকে জিলিকিল তেজেৰে,
 শিবিৰো উজলি গল হাঁহি ভৰা মুখেৰে।
গুৰুজন জনে জনে  সেৱা কৰি কায়মনে,
 পিতাকৰ লগ লই যায় বাছা বেগেৰে
 কৃষ্ণ আৰু যুধিষ্ঠিৰ আছে যত লগেৰে।
সুবিস্তীৰ্ণ শিবিৰৰ  বিতোপন তামিঘৰ ২৮
 চন্দ্ৰবংশী চন্দ্ৰধ্বজ আকাশত উৰিছে,
 —তুলসী তলত কিনো মৃগ পহু চৰিছে!
দুৱাৰত প্ৰহৰীৰ  সাজ দেখি চকু থিৰ,
 ভেঁটাভেঁটি হেঁচা ঠেলা ইঙ্গিতত থমকে,
 সাধি দিছে যত কাম নিদিয়ে যে গমকে।
বাহিৰেদি অসম্ভৱ— কত কি যে কলৰৱ,
 ভিতৰি যি মন্দিৰত গম্ভীৰতা বাজিছে
 নিফুট বাঁহীটি তাত ৰাতি দিনে বাজিছে।