পৃষ্ঠা:ৰণ্ জেউতি.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
ৰণ্ জেউতি


শুই থক বীৰবাহ,  আমি তেনে কাটোঁ ঘাঁহ
 কোনেনো গণিতা কৰে পূবে মৰা গাজনি,
 খেদি তাক ধনঞ্জয়ে দিলে বেচ মাননি।
কুৰুক্ষেত্ৰ যুদ্ধলই  আহিছে সম্ভাৰ লই
 বাছা মোৰ, আশা মোৰ, হিয়া-ভৰা ভকতি,
 বল মোৰ, বীৰ্য্য মোৰ, বাহু চাই শকতি।”—

এনেতে আগবাঢ়ি  ঘটোৎকচে আঠু কাঢ়ি
 পিতাকৰ চৰণত প্ৰণিপাত কৰিলে,
 দুয়ো হাতে ধৰি ভীমে বুকুলই তুলিলে।
খুৰাকৰ পদধূলি  শিৰলই ললে তুলি,
 আঁকোলি ধৰিলে দেখোঁ মৰমেৰে খুৰাকে,
 —পৰশত মনোদুখ নেথাকিল নুৰাকে।
পুত্ৰক মাজত লই  তিনি বীৰ গলগই,
 —ত্ৰিকূটেৰে নীলাচল দেখা যেন লাগিলে, ২৭
 বীৰত্বৰ বেলিকাও জোখে মাখে খাটিলে।
আছে য’ত যাজ্ঞসেনী  লই গল ভীমে তেনি,
 যাজ্ঞিকে ভক্তিৰ ধাৰ চৰণত ঢালিলে,
 মাতৃৰ কাষত পুত্ৰ দোৱাবাৰ চাপিলে।
জননীৰ হিয়াখনি  উঠে তাৰ জিলিকনি
 চল্‌ চল্ চকুযুৰি চায় তাৰে হেঁপাহে;
 দেখি তাক ভীমসেনে হাঁহি কলে উলাহে,—