পৃষ্ঠা:ৰণ্ জেউতি.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ৰণ্ জেউতি

হল পুনু অগ্ৰসৰ  নাচোনেৰে ময়ূৰৰ
 কত শাল খদিৰৰ অৰণ্যৰ মাজেদি
 চম্পাগন্ধী হিমজুৰ গোন্ধ লৈ নাকেদি। ২৫
কৰতোয়া পাৰ হই  আৰু কত পালেগই
 পৌণ্ড্ৰকৰ মাজেদি সি বিদৰ্ভৰ নগৰী,—
 সীতাৰ কৰুণ গান পৰে য’ত নিগৰি।
জনপদ-জনতাই  তধা লাগে চাই চাই, –
 আটোপেৰে কি যে যায় হয়-হস্তী-পদাতি
 সুধিবলে’ লাগে ভয়,—নুবুজিলে কথাটি।
ধুমুহাৰ দৰে শুনি  কয় কেঁৱে ভাবি গুণি,—
 “মাৰিছিল আগতে যে ধূলি উৰা পচোৱা,
 তাৰেহে ই ওভতনি ঘৰ ভঙ্গা কুৰুৱা।”
কেঁৱে কয়,—‘শুনা নাই,  আহিছিল ৰঘুৰায়,—
 খুজিছিল চতুৰঙ্গে পূবদেশ মৈয়াব!
 তাৰেহে ই প্ৰতিশোধ ডালে মূলে ঘৈয়াব।’
কেঁৱে তাতে টানি কয়,—  ‘কেলে’ হব, হয় হয়!
 বন্দী হোৱা অনিৰুদ্ধ নিয়ে কৰি মুকলি,—
 সেইয়া সেইয়া শুনা যাদৱৰ মুৰলী।’
ধৰে কেঁৱে মুখ পাতি  চৰাকে’ সুৰেৰে মাতি,—
 ‘সউৱা সেই ৰুক্মবীৰ খেদা ধৰে পাচতে,
 দেখা নাই হাতীটোত? চিনো আক’ মাততে!’