পৃষ্ঠা:ৰণ্ জেউতি.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ৰণ্ জেউতি

চকু হল চল্‌ চল্‌,  গুচি গল দলবল,
 খোজে খোজে ঠাইখন উঠিছিল জিকাৰি,
 হুৰি মাৰি ললে পথ হাবি-বন বিদাৰি।
হিড়িম্বা বধূৰ সতে  ৰই গল নিলগতে,
 ঠৰ দিলে চকুযোৰে এৰি থৰযুগুতি,
 —কিবা যেন কিবা দেখে, — নুবুজিলে একোটি।
গুচি গল অসমীৰ  অতনা বুকুৰ বীৰ,
 তুমুল বাদ্যৰ ৰোল জিম পৰে আঁতৰি;
 —ধূলিৰ ডাৱৰে নিলে ধূলিকণা আবৰি।—
সৰসীৰ কূলে কূলে  ফুলঁতী আজাৰ ফুলে
 নীলাকই ওৰণিৰে জুমাজুমি কৰিছে,
 সোণাৰুৰ সোণফুল শিৰে শিৰে সিচিছে।
শেষ অশ্ৰু বাৰিষাৰ  তেতিয়াও আছে তাৰ,
 ৰই ফুল বৰষিছে কিণ কিণ কৰি কি,—
 উচুপি যে কণিয়ায় নুবুজিলোঁ ভাবি কি।

পালে যেই নীলাচল  থমকিল দলবল,
 “কামৰূ” নামেৰে য'ত বিৰাজিছে বৰদা।
 প্ৰণমি আশীষ ললে ৰণৰঙ্গী মৰ্য্যাদা। ২৩
ৰলগই এইবাৰ গিৰিনদী হই পাৰ
 দক্ষিণ বাহিনী সেই লুইতৰ পাৰতে,
 —হাতীৰ বেজালি য’ত চলিছিল আগতে। ২৪