পৃষ্ঠা:ৰণ্ জেউতি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
ৰণ্ জেউতি


আত্মৰক্ষা, আক্ৰমণ,  জ্ঞান চৰ্চ্চা, আচৰণ—
 চাৰিমুঠি জীয়ে যেন চাৰিখনি মুখেৰে
 চানেকিত সধোৱালে, সাধি ললে জোখেৰে।
দেৱতাৰ বীৰ্য্যবল,  অসুৰৰ নানা ছল
 সোণত সুৱগা যেন একেটিতে মিলিলে,
 তাতেহে অতনা ৰাজ হেলাৰঙ্গে জিনিলে।
জিনি নিজ বাহুবলে  ভাৰ্য্যাৰ ৰূপেৰে ললে ২১
 কামাখ্যাৰ প্ৰিয় দাসী ৰক্ষৰাজ নন্দিনী,—
 ধাতুৱে ধাতুৱে মিলা জীৱনৰ সঙ্গিনী।
ৰাজলক্ষ্মী দৃপ্ত যেনে,  গৃহলক্ষ্মী তৃপ্ত তেনে
 দুয়ো কাষে জিলিকিছে দুয়ো যিহে সতিনী,
 —মিলে কিনো সাগৰত দুয়ো কূলে তটিনী।
পো-ৰে বোৱাৰী পাই  আনন্দৰ পাৰ নাই,
 বিৰহিনী হিড়িম্বাৰ দুখ বহু কমিলে,
 পিতাকৰ ছবি যেন পুতেকতে দেখিলে।
এনেতে এদিনাখন  জ্বালামুখী উদ্গীৰণ
 ফুটি গল সুদূৰত দেশখনি খলকি!
 —কত মুখে কত কিযে ক'ই ফুৰে বলকি।
হস্তিনাত ঘৰজুই  লাগিছে আকাশ ছুই ২২
 কতনো কুকুহা তাৰ চউদিশে উৰিছে,
 হুৰাহুৰি কৰি বীৰ জুইলই ছুটিছে।