পৃষ্ঠা:ৰণ্ জেউতি.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তৃতীয় সৰ্গ

ভালেটি ভালেটি আই  তোমাৰ জীয়ন পাই
 দেৱতাৰ নাতি সিটি ৰূপে গুণে উঠিলে,
 ভাৰতৰ গগনত তৰা হই ফুলিলে।
প্ৰকৃতিয়ে কোলা লই  শিকালে মৰমকই
 চকুৰ আগতে ধৰি যত চাল-চালনা,
 কত জ্ঞান কত নীতি সাধাৰণে নজনা।
গুৰিকে পৰুৱাটিয়ে  দিনে ৰাতি শিক্ষা দিয়ে
 কামত খটাই তাৰ শিংচৰা শকতি,
 সমজ্যাৰ মঙ্গলত কেনে অনুৰকতি।
সন্ধি আৰু বিগ্ৰহত,  নিজকাৰ্য্য উদ্ধাৰত
 মানুহক লাজ দিয়া সেই তৎপৰতা,
 মাউখে যে উটি যায় কেনে সিনো একতা।
পশুৰাজ সিংহে পাই  দিলে আহি দেখুৱাই
 কেনেকই ৰজা নাম নাৱে গাঁৱে ৰজালে,
 বৰ বৰ জন্তুবোৰো ছলে বলে দমালে।
অথচ কি উচ্চমনা  নামত কলঙ্ক সনা
 নাদৰে সি নীচ কথা দুৰ্দ্দিনত পৰিও,
 নে-আৰ্জ্জি নাখায় একো অনাহাৰে মৰিও।