পৃষ্ঠা:ৰণ্ জেউতি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰণ্ জেউতি

শিৰত নাছিল তাৰ সাধাৰণ চুলি
পালে সি কেনেবা নাম ঘটোৎকচ বুলি।
সেই নামে ঢাকোঁ ময়ো মণি আঁচলৰ,
জানোচা নামতে মুখ লাগে খেতৰৰ।
এয়েই বহুত মোৰ আছে যে জীয়াই;
পিতাকে কোলাত ললে, নেদেখিলোঁ নাই।
তেওঁচোঁ নেমানে মনে,—এনে টান তাৰ!—
থাকি থাকি আই বুলি মাতেনে এবাৰ?
কই যা, কই যা বাছা, কি শুনিলি তই,
হওক হিয়াৰ দাহ যদি শাঁত হয়।”—

 কিয় কোৱাঁ আই মোৰ কেৱোঁ শক্তি নাই,
জনাজনে আহি যদি নিজে নোকোৱায়।

 জয়তু বিশালবুদ্ধি আয়ত নেত্ৰৰ
মহামুনি বেদৱ্যাস, কবি ভাৰতৰ—
সুধাভাণ্ড কাৰ্ষ্ণ বেদ নাই যাৰ পাৰ,
জগতৰ সত্য যত জলে পৰিষ্কাৰ,
জ্বলালা তেনেটি দীপ যুগযুগলই।
ইমান জেউতি তাৰ!—
দুৰদৃষ্ট মই,
নমনো দিনতে আই দেখোঁ ছঁয়াময়া,
নাতৰে মনৰ নিশা নকৰিলে দয়া।