পৃষ্ঠা:ৰণ্ জেউতি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰণ্ জেউতি

প্ৰথম সৰ্গ

দেবী নে মানবী তুমি? দেখিলোঁ দূৰত
কুঁৱলীৰ গিলিপেৰে ছট-পোহৰত
অগাধ অটব্য হাবি অতি বিতোপন,
কাষ পাই দেখোঁ ইকি দিব্য তপোবন!
প্ৰাচ্যৰ প্ৰতিমাখনি কোন কাহানিৰ
মূৰ্ত্তিমতী নীলাচল বেশ কুমাৰীৰ
বহি আছে শিলটিত, ৰিবি ৰিবি বাই
ডালি ডালি চুলি দিয়ে ৰদত মেলাই;
গম্ভীৰ মু’খনি কেনে চেনেহে অতুল,
সজল নয়ন যুৰি তৃষ্ণাত আকুল;
নীলিমাত মিলে সউ সুনীল পাহাৰ,
ওপৰেদি তিৰবিৰ নীলা চন্দোৱাৰ;
পদতলে বই যায় লাটিপুটিকই
মাতৃঘাতী পৰশুৰ পাপহৰা নই!—
জননীৰো জনমতী—এয়ে যে সাক্ষাত!
অকৃতী সন্তান,—আই!―লোৱাঁ প্ৰণিপাত।