পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
হৰিশ্চন্দ্ৰ উপাখ্যান।

আজি ঋষি শাপত সবংশে যাইবো তল।
কৈক যাইবো কিকৰিবো হৃদয় বিকল॥
গুণি একো কৰিবাক নোৱাৰন্ত থিৰ।
দেখি মহাদই দুনাই বোলে ধীৰ ধীৰ॥ ২৯৪
এভো হেন কৰা প্ৰভু মোৰ বাক্য ধৰা।
শাপ অগনিত পৰি বিপাঙ্গে নমৰা॥
মোক বিকিয়োক হিয়া কৰিয়োক থিৰ।
দক্ষিণাক শুদ্ধি হাত এড়ায়ো ঋষিৰ॥ ২৯৫
হেন শুনি ৰাজা আতি ভৈলন্ত বিতত।
কান্দন্তে লোতক নাসে যেন কাষ্ঠৱত॥
শৈব্যাক বোলন্ত বান্ধৈ কৰা মোৰ বাক।
পৰম নিৰ্দ্দয় হুয়া বিকিবো তোমাক॥ ২৯৬
মহাক্ৰুৰ পাপীজনো নাচৰে ইহাক।
তাহাত অধম হৈয়া বিকিবো তোমাক॥
কেনমতে কণ্ঠৰ বজাইবো হেন বাণী।
হেন বুলি তৈব উঠি গৈলা তিনি প্ৰাণী॥ ২৯৭
ভাৰ্য্যায়ে সহিতে গৈলা নগৰৰ মাজে।
বেঢ়ি বেঢ়ি তাসম্বাক সোধে সাম ৰাজে॥
কোন দেশী তোমৰা উত্তম তিনি প্ৰাণী।
কমৰক দেখি দুগ্ধ লাড়ু দেই আনি॥ ২৯৮