পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২
হৰিশ্চন্দ্ৰ উপাখ্যান।

নৃপতি বোলন্ত শুনা নগৰীয়া লোক।
পৰম ঘাতুক মই নুসুধিবা মোক॥
ৰাক্ষস পিশাঞ্চ যত সবাতো অধম।
পৃথিবীত মহাপাপী নাহি মোক সম॥ ২৯৯
ভাৰ্য্যাক বিকিবে আসি আছো আগবাঢ়ি।
আহাৰ নিমিত্তে প্ৰাণ যান্তে আছো ছাৰি॥
দাসী ভাবে লৱা যেবে আছে প্ৰয়োজন।
ঝান্তে বোলা যেবে মোত আছয় চেতন॥ ৩০০
এক বৃদ্ধ ব্ৰাহ্মণ আসিল হেন শুনি।
জক মক দশন মাটিত লাগে ভূণি॥
চৰাচৰ ফোঁট জকমক কৰে কেশ।
অতি বৃদ্ধ ব্ৰাহ্মণ চলন্তে লাস বেশ॥ ৩০১
গাৰ ভৰি হাত সিটো আছাৰন্তে আসি।
নৃপতিক বোলন্ত বিকস কোন দাসী॥
মই লইবো কিনি দাসী যত লাগে ধন।
কত পাইলে দিবি কহ স্বৰূপ বচন॥ ৩০২
নগৰৰ দ্ৰব্য় আমি গ্ৰাহক কৰাওঁ।
নান বিধ বস্তু যত ঘৰে বসি পাওঁ॥
দুখ পাইবে লাগি কিছু নকৰিয়ো শঙ্কা।
ঘৰতো পড়িয়া আছে লক্ষকোটি টঙ্কা॥ ৩০৩