সমললৈ যাওক

পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
হৰিশ্চন্দ্ৰ উপাখ্যান।

হেন শুনি পাঞ্চো বিশ্বদেৱ আসিলন্ত।
আমিও কৰিব পাৰোঁ শাপি তোৰ অন্ত॥
তথাপিতো নশাপোহোঁ ক্ষমা ধৰ্ম্ম ধৰি।
দিয়ো শাপ অন্ত ঋষি ক্ৰোধ পৰি হৰি॥ ২০৪
ৰাজাৰ অন্তৰে আমি পাৰিলোহো গালি।
ঋষি ভৈলে হৈবে লাগে ক্ষমা ধৰ্ম্ম শালী॥
হেন শুনি বিশ্বামিত্ৰ তৈলা উপশান্ত।
পাঞ্চ বিশ্ব দেৱক সম্বোধি মাতিলন্ত॥ ২০৫
একো কালে ব্যৰ্থ নাহি আমাৰ বচন।
তথাপিতো সীমা দেওঁ শুনা দেৱগণ॥
পাণ্ডৱৰ ভাৰ্য্যা হইবে দ্ৰোপদী প্ৰক্ষাত।
তাহান গৰ্ভত অঙ্গে হুইবা সবে জাত॥ ২৬
নহিবে বিবাহ বংশ নথাকিবে ভয়।
অল্প কালে মৰি পাইবা দেৱৰ নিলয়॥
দুনাই অমৰ হৈবা খণ্ডিবা দুৰ্গতি।
হেন শুনি পাঞ্চ দেৱ গৈলা অম্ৰাৱতী॥ ২০৭
পক্ষিগণ বদতি শুনিয়ো মহাশয়।
সেহিসে কাৰণে পাঞ্চ পাঞ্চালি তনয়॥
অল্প কালে মৰি পাঞ্চ ভৈলা পূৰ্ব্বৱত।
নভৈলা বিবাহ কাৰো ঋষিৰ শাপত॥ ২০৮