পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
হৰিশ্চন্দ্ৰ উপাখ্যন।

অতি অপ্ৰমাদি পতিব্ৰতা বৰ নাৰী।
কোননো স্বৰ্গক পাইবি আজি আঙ্কমাৰি॥
ঋষি হৈয়া ভৈল এতমান মন্দমতি।
ইটো অধৰ্ম্মৰ ফলে যাইবে অধোগতি॥ ১৯৯
এহি বুলি পাঞ্চো বিশ্বদেৱ পাৰে গালি।
ক্ৰোধিলন্ত বিশ্বামিত্ৰ বজ্ৰৰ বটালী॥
শুন অৰে সঞ্জকাৰী পাঞ্চো বিশ্বদেৱ।
তোমাক মধ্যস্থ কৰি আনি আছে কেৱ॥ ২০০
কিসক ভৎসনা কৰ নুবুজি মহত্ব।
কোনে জানু পাৰে আসি পৰব শ্ৰাদ্ধত॥
যেন বাটোৱাল হুয়া শশাৰ দেই সাস।
কালে গ্ৰাসিলেক তোক আমাক জোঙ্কাস॥ ২০১
দেৱ বোলাই কৱ কথা কেৱলে অহমহ।
খানিতেক ৰহ আজি ভাঙ্গো সবে গহ॥
খাইবে পাই ৰাজাৰ মাতন পক্ষপুৰ।
থাক আজি সবাৰো ভাৱনা কৰোচুৰ॥ ২০২
স্বৰূপত ব্ৰহ্ম ঋষি মই হও যেবে।
নৰ হুয়া পৃথিবীক বোৱা তোৰা সবে॥
আমাক পাৰিলি গালি গ্ৰাসিলেক পাপে।
গৰ্ভবাস নৰক ভুঞ্জিয়ো মোৰ শাপে॥