পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
হৰিশ্চন্দ্ৰ উপাখ্যান।

স্বপোনে সচেতে আমি,   তোমাকেসে দেখো স্বামী,
 একচিত মনে কৰো সেৱ॥
হেন ৰাজা আবে এড়ি,   কোন সতে চিত্ত ধৰি,
 প্ৰভো দেৱ কৈক লাগি যাহা।
তুমি এড়ি গলে আমি,   মৰিলোহো হেন জানি,
 নেত্ৰ বলাই পাচে নেদেখাহা॥ ১৬৩
ৰহিয়োক মহাৰাই,   খানিতেক থাকে চাই,
 জুৰাওঁ আমাৰ জীৱ প্ৰাণ।
দেখন্তে পৰম সুখ,   তোমাৰ কমল মুখ,
 নেত্ৰ ভৰি সবে কৰো পান॥
কৈসানি দেখিবো আৰ,   ইটো চন্দ্ৰ বদনক,
 এহি মানে পৰিছেদ ভৈলা।
হৰি হৰি দৈব বিধি,   স্বপনৰ যেন নিধি,
 তিলকতে সবে নাশ গৈলা॥ ১৬৪
কৈকগৈলা ছত্ৰদণ্ড,   কৈকগৈলা বাদ্য়ভণ্ড,
 কৈক গৈলা প্ৰচণ্ড প্ৰতাপ।
অপাৰ সাগৰ যেন,   সুখাই নিশবদ ভৈলা,
 হৰি হৰি হৰিশ্চন্দ্ৰ বাপ॥
পৃথিবীৰ ৰাজা যাক,   বুলনীৰ বোলা যাক
 আগে পাছে বেড়ি চলি যাই।