পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
হৰিশ্চন্দ্ৰ উপাখ্যান।

লোতক বহিছে অন্তৰ্গতে দহে চিত্ত।
পটেশ্বৰী আকলিল স্বামীৰ ইঙ্গিত॥
চলিয়ো নৃপতি যাইবাক পাৰো আমি।
ৰঙ্গেসে পুচিলো চলিবাক পাৰো স্বামী॥ ১৬০
নৃপতি বোলন্ত ধীৰে আইস প্ৰাণেশ্বৰী।
নগৈলে আসিবে খেদি ঋষি কোপ কৰি॥
যেনে তেনে নগৰৰ বাজ হওঁ গই।
বঞ্চিবো ৰজনী আজি এক থানে বই॥ ১৬১

⸻:0:⸻

ছবী।

এহি বুলি হৰিশ্চন্দ্ৰ,   ভাৰ্য্য়া পুত্ৰ সমন্বিতে,
  অযোধ্যা পুৰৰ ভৈলা ৰাজ।
হেন দেখি নৰনাৰী,   ছৱাল পৰ্য্য়ন্তে আসি,
  ৰাজাক বেঢ়িলে সবে ৰাজ॥
হা প্ৰভু কৈক যাহ,   অযোধ্য়াৰ নিজ নাহা,
  ভকত জনক তুমি এড়ি।
আবে, প্ৰাণ দানদিয়া,   আমাক লগত নিয়া,
 এহি বুলি পাৰৈ সবে গেড়ি॥ ১৬২
তুমি জীৱ তুমি প্ৰাণ,   তুমি বিনে নাহি আন,
  তুমিসে পৰম ইষ্টদেৱ।