পৃষ্ঠা:হৰিশ্চন্দ্ৰ উপাখ্যান.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
হৰিশ্চন্দ্ৰ উপাখ্যান।

অতি শিশু কাল হন্তে,   মহাশান্তী পটেশ্বৰী,
 তান ভৈলা বালক সহাই॥ ১৬৫
পয়াণ কালত আসি,   অসংখ্য পদাতি ঝাকে,
 চতুৰ্ভিতি বেঢ়ি চলি যাই।
সুবৰ্ণৰ ৰথ চয়,   সুবৰ্ণ পাখৰি হয়,
 চলে যত সীমা সংখ্যা নাই॥
অনেক সেৱক সবে,   আগত যোগান ধৰে,
 প্ৰমত্ত হস্তীৰ কন্ধে উঠি।
সপ্ত পৃথিবীৰ পতি,   চলিযান্ত ভূমি গতি,
 দেখি কেনে প্ৰাণ নযাই ফুটি॥ ১৬৬
দিব্য বস্ত্ৰ অলঙ্কাৰ,   'সুবৰ্ণ ভৃঙ্গাৰ যাৰ,
 লক্ষ লক্ষ লগে যাই চলি।
সিটো নৃপতিৰ ভৈল,   কৰঙ্গাৰ কমণ্ডলু,
 পৰিধান গছৰ বাকলী॥
অমূল্য ৰতন সাৰ,   অক্ষয় ভণ্ডাৰ যাৰ,
 দুখী ভিঞ্চি খাই বলে যোগে।
সিটো মহা মানি ৰাই,   ভৈল ভিক্ষাহাৰী প্ৰাই,
 আজি খাইবে হেন নাহি লাগে॥ ১৬৭
চন্দ্ৰ যেন জ্বলৈ মুখ,   পদ্ম যেন নেত্ৰ যুগ,
 উন্নত নাসিকা ভ্ৰুব ধনু।