এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫
হৰিশ্চন্দ্ৰ উপাখ্যান।
সঘনে নিৰ্ঘাত পৰৈ, ঘনে ঘনে ভূমি লৰৈ,
এক আকাশত দুই শশী॥ ৬২ )
দেখি মন্দ, অভিপ্ৰায়, মনত উৎসাহ নাই,
তথাপি বিপাকে নেই টানি।
এহি মতে মহা ভাগ, অৰণ্যক পাইলা লাগ,
আদেশিলা মৃগ মাৰা হানী॥
শুনি সবে সেনাগণে, পশি সেহি ঘোৰ বনে,
খেদি মাৰে হড়িণা বৰাহ।
কতো কতো জাল পাতি, শাল দাঙ দিয়া আতি,
কতো কৰৈ অৰণ্যক দাহ॥ ৬৩॥
নৃপতিয়ো ৰথ এড়ি, একতেজি ঘোড়ে চড়ি,
পশিলন্ত সেহিবন মাজ।
হাতে ধৰি ধনুৰ্ব্বান, দেখিলন্ত বিদ্যমান,
আগে উপসন্ন মৃগৰাজ॥
দেখি ৰাজা শেহি চেগে, শৰে বিন্ধিলন্ত বেগে,
সিয়ো অন্তৰিয়া মৃগবৰ।
জীৱ ভয়ে তেতিক্ষণে, বিজুলি চমকে যেন,
বায়ু বেগে দিলেক লৱৰ॥ ৬৭॥
ৰাজায়ো ঘোড়াত উঠি, পাছত দিলন্ত ছুতি,
খেদি যাই হাতে পাই পাই।