পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৯ )

দকৰ কথাবোৰ ‘দেৰদেৰীয়া চোকা’ আছিল। এই কাকতৰ পুথিব সমালোচনাই কোনো কোনো লোকক থকা-সৰকা কৰিছিল। আসাম নিউচ্ মৰিল যদিও নিউজ পেপাৰৰ প্ৰতিশব্দ বাতৰি কাকত আজিও চলি আছে। এই কাকতে আধুনিক অসমীয়া গদ্যৰ আৰ্হি দেখুৱালে।

 চমুকৈ কবলৈ গলে হেমচন্দ্ৰ বৰুৱাই ‘হেমৰ কোষেৰে ওখ দল বান্ধি’ অসমীয়া ভাষা লেখাৰ ‘বৈজ্ঞানিক নিয়ম বান্ধি দিয়াৰ পিছৰে পৰা’ অসমীয়া গদ্যৰ আউল ভাগি গল আৰু প্ৰায় অৰ্দ্ধ শতিকাৰ ওপৰকাল এই গদ্য অনেকৰ কাৰণে আৰ্হি হৈ থাকিল।

 ঊনবিংশ শতিকাৰ প্ৰায় দ্বিতীয়াৰ্দ্ধৰ পৰাই অসমীয়া সাহিত্যত আধুনিকতাৰ সূচনা হয়। পাশ্চাত্য শিক্ষা-দীক্ষা, ভাৱাদৰ্শ আৰু সংস্কৃতিৰ সংঘাতত যি নৱ-জাগৰণৰ সূত্ৰপাত হয়, সমসাময়িক অসমীয়া সমাজ, সাহিত্য আৰু সংস্কৃতি সকলোতে তাৰ প্ৰতিফলন দেখা যায়। উদাৰপন্থী আৰু সংস্কাৰকামী হেমচন্দ্ৰৰ চিন্তা-চৰ্চা আৰু জীৱনাদৰ্শৰ মাজত এই নৱতম চেতনাৰ বিকাশ অনুভূত হয়।

 অসম সাহিত্য সভাৰ উত্তৰ লক্ষীমপুৰ অধিবেশনৰ বুৰঞ্জী শাখাৰ সভাপতি সৰ্বেশ্বৰ শৰ্মা কটকীয়ে হেমচন্দ্ৰ বৰুৱাৰ বিষয়ে পোৱা সমলেৰে ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ ৰচনা কৰে; আৰু এই পুথি অসম ছাত্ৰ সম্মিলনে ১৯২৭ চনত প্ৰকাশ কৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি স্থায়ী কৰিলে। এই ১২৬ পিঠিৰ জীৱনীখনৰ প্ৰথম আধ্যাত লেখকে হেমচন্দ্ৰ বৰুৱাৰ বংশাৱলী, জন্ম, শিক্ষা, চাকৰি