পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৮ )


আৰু শক্তিশালী। 'ইস্কুলে নিস্কুলং ভবেৎ’ হেডবাবুৱে অসমীয়া কবলৈ লাজ পাই ‘বঙালী কথাৰ লগত ইংৰাজী মিহলাই’ কথা কোৱা ইত্যাদি বিষয়ত কোৱা ভাতুৰীৰ কানীয়াৰ কীৰ্তনৰ লগত সাদৃশ্য আছে। এইবোৰ সেই সময়ৰ সামাজিক অৱস্থাৰে প্ৰতিফল বুলিব পাৰি।

 হেমচন্দ্ৰই ঘৰতে ইংৰাজী শিকি সেই ভাষাত যি নিপুণতা লাভ কৰিছিল তাৰ নিদৰ্শন হল বিদেশী লোকক অসমীয়া বিয়াৰ ধাৰণা দিবৰ কাৰণে তেওঁ ৰচনা কৰা ইংৰাজী পুথিখন ( নটচ্ অন্ ডি মেৰেইজ্ চিষ্টেম্‌চ অব্ ডি পিপল্চ অব্ আসাম, ১৮৯২)। ইয়াৰ উপৰি তেওঁ ইংৰাজীত দুটামান টোকা লিখি যুগুত কৰিব লগীয়া হৈছিল।

 তেওঁ অসমীয়া লৰাৰ আদি পাঠ ( আগছোৱা, মাজছোৱা আৰু শেহছোৱা, অসমীয়া লৰাৰ ব্যাকৰণ আৰু পাঠমালা ৰচনা কৰি আৰু স্বাস্থ্য ৰক্ষা নামৰ পুথি অনুবাদ কৰি সেই সময়ৰ এটা প্ৰয়োজনীয় অভাৱ পুৰণ কৰে। ‘ৱ’ আখৰটো প্ৰচলনৰ কাৰণেও তেওঁ সেই সময়ৰ স্কুল পৰিদৰ্শক মাৰ্তিনৰ যুক্তি খণ্ডন কৰি নিজ মত প্ৰতিপন্ন কৰে।

 তেওঁৰ সম্পাদনাত গুৱাহাটীৰ বৰুৱা ফুকন ব্ৰাদাৰ্চৰ পৰা ওলোৱা ইংৰাজী অসমীয়া সাদিনীয়া বাতৰি কাকত ‘আসাম নিউচ’ৰ ( ১৮৮২-৮৫ খ্ৰীঃ ) ঐতিহাসিক মূল্য আছে। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলগীয়া স্থানীয় অভাৱ-অভিযে৷গ, সম্পাদকীয় আদি অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাতে লিখা হৈছিল; আৰু চৰকাৰেও সেই কাকতৰ মতৰ ওপৰত গুৰুত্ব দিছিল। চৰকাৰৰ ৰাজহ নীতি, অসমীয়া ভাষা-নীতি আৰু ইংৰাজ কৰ্মচাৰীসকলৰ অসৎ আচৰণ বিষয়ক সম্পা-