পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১০ )


আদি বিভিন্ন কথাৰ বিৱৰণ দিছে; দ্বিতীয় আধ্যাত তেওঁৰ প্ৰকাশিত আৰু অপ্ৰকাশিত পুথিৰ চমু আলোচনা কৰিছে; তৃতীয় আধ্যাত বিবিধ বিষয়ৰ আলোচনা আছে আৰু চতুৰ্থ আধ্যাত পুথিখনৰ সামৰণি। লেখকে সামৰণিৰ আধ্যাত কৈছে যে ‘অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠাতা’ হেমচন্দ্ৰ বৰুৱাৰ “জীৱনৰ সকলো কথাবোৰ বিশদভাবে লিখিলে এখন বৃহৎ গ্ৰন্থ হব পাৰে। আমি ইয়াত কেৱল মুঠ কথাবোৰ আলোচনা কৰি এখন উপদেশপূৰ্ণ নাটৰ যেনিবা প্ৰস্তাৱনাহে কৰিলোঁ।” সেইফালৰ পৰা এই জীৱনীৰ আধাৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এখন বহল জীৱনী লিখিব পাৰি। শৰ্মা কটকীয়ে অনেক তথ্যপাতি সংগ্ৰহ কৰি জীৱনী প্ৰস্তুত কৰিছে যদিও ই আদৰ্শ জীৱনী নহয়।

 অসম সাহিত্য সভাই এই পুথিৰ দ্বিতীয় তাঙৰণ প্ৰকাশ কৰি ভাষাৰ অধিনায়ক হেমচন্দ্ৰ বৰুৱাৰ জীৱন আৰু কৰ্ম সোঁৱৰণ কৰাৰ সুবিধা দিলে। তেওঁৰ ভৌতিক দেহা পঞ্চভূতত লীন হবৰ আজি ৮৬ বছৰ হল যদিও জনমানসত আজিও জীয়াই জিলিকি আছে। কীৰ্তিমান লোক জীয়াই থাকে। আধুনিক যুগৰ অসমীয়া ভাষাৰ ওজা হিচাবে হেমচন্দ্ৰ বৰুৱাৰ নাম অসমীয়া সাহিত্যৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব।

 অসম সাহিত্য সভাৰ কাৰ্য্যনিৰ্বাহকে ‘হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত’ৰ পাতনি লিখাৰ দায়িত্ব দিয়াৰ কাৰণে সভাপতি প্ৰমুখ্যে কাৰ্যনিৰ্বাহকৰ সদস্যসকলক ধন্যবাদ জনালোঁ।

‘ৰদালি’
নতুন পাৰা, যোৰহাট-১
১৫৷২৮২
শ্ৰীযতীন্দ্ৰনাথ গোস্বামী
 প্ৰাক্তন সভাপতি
অসম সাহিত্য সভা