পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৭ )


এই অসূচল গুচাবৰ মনেৰে কিছু বছৰৰ আগেয়ে বৰ্ত্তমান লেখকে ‘হেমকোষ’ নাম, দি এখান ডাঙৰ অভিধান যুগুত কৰে।” তেওঁ ওৱেবষ্টাবৰ অভিধানৰ আৰ্হিত ‘অসমীয়া ভাষাৰ শব্দবিলাকৰ মুলযুক্ত ‘হেমকোষ’ ৰচনা কৰে। ই আমাৰ ভাষাৰ নিমিত্তে ‘সঞ্জীৱনী মন্ত্ৰ’। এই অভিধান প্ৰকাশ হোৱাৰ পিছত ‘অসমীয়া ভাষাক কাঠ-সংস্কাৰ কৰিবলৈ ওলোৱা’ যমদূতবিলাক নাইকিয়া হল।

 হেমচন্দ্ৰ বৰুৱা বিৰচিত কানীয়াৰ কীৰ্তন (১৮৬১ চন) আৰু বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী (১৮৭৬ ) এই দুখন পুথিৰ ঐতিহাসিক মূল্য আছে। দুয়োখনতে সমসাময়িক অসমীয়া সমাজৰ প্ৰতিচ্ছবি পোৱা যায়। কানীয়াৰ কীৰ্তন প্ৰহসনত অসমৰ কানিখোলাৰ হুবহু চিত্ৰ পোৱা যায়। পদ্মপানি মহন্তই বিধুতি গাৰে বাৰিয়লীয়া কানি খাই পেটৰ কামোৰ দূৰ কৰা আৰু সেই গাৰে শিষ্যক শৰণ দিয়া, কানি খাই সৰ্বস্বান্ত হৈ মিছা সাক্ষী দি কীৰ্তিকান্তই জেলত ৰোগত মৃত্যু হোৱা ইত্যাদি কাৰ্য্যৰ জৰীয়তে ‘কেপা-কানি, বিহৰ শেষ’ বোলা হৈছে। ‘বাহিৰে ৰং চং, ভিতৰে কোৱাভাতুৰী’ কপটতা আৰু ভণ্ডামিক বিদ্ৰুপৰ শেলেৰে আঘাত কৰা হৈছে। গোবৰ্দ্ধন দেউ আতা, বীৰেন্দ্ৰ বৰুৱা আদি লোক প্ৰতীক মাথোন। ভণ্ডেশ্বৰ বৰুৱা, মৰ্কটেশ্বৰ ফুকন, নাঙ্গলৰাম, ড্ৰিঙ্কব্ৰেণ্ডি ঈটওৱেল্ আদি নামৰ কল্পনাতো ব্যঙ্গ নিহিত আছে। এই সামাজিক চিত্ৰ সম্বলিত পুথিত ‘চাৰকাজেম্’; ‘উইট্‌’ আৰু ‘হিউমাৰ্’ খাই আছে। এই পুথি ‘ভেৰাকুটীয়া’ বা ব্যঙ্গ সাহিত্যৰ নিদৰ্শন হলেও ইয়াৰ গদ্য-ৰীতি অভিনৱ