পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬০ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত আদি পাঠ আদি পাঠ ৰচনা কৰা সম্পৰ্কে বৰুৱাদেৱে আত্মজীৱন চৰিতত নিজে উল্লেখ কৰি গৈছে। সেই সময়ত হেমচন্দ্ৰ বৰুৱাই আদি পাঠ লিখি প্ৰায় পঞ্চাশখনমান সেই শ্ৰেণীব কিতাপৰ লগত প্ৰতিযোগিতা কৰিব লগীয়া হৈছিল। পুথি ৰচা কমিটিয়ে অন্তত বৰুৱাক কিতাপকে অনুমোদন কবে আৰু এই কিতাপ লিখি গভৰ্ণমেন্টৰপৰা ৫০০ টকা পুৰস্কাৰ পায়। এই আদি পাঠত “ব” আখৰটো দিয়া সম্পৰ্কে বিস্তৰ লিখালিখি কৰিবলগীয়া হৈছিল। স্বাস্থ্যৰক্ষা বা গা ভালে ৰাখিবৰ উপায় ইংৰাজী Way to health কিতাপৰ অসমীয়া ভাঙ্গনী। ইয়াত বিশুদ্ধ বায়ু, নিৰ্ম্মল পানী, উত্তম খাদ্য, পোহৰ, পিন্ধা কাপোৰ, অঙ্গ চালন, টোপনি, ভাল ঘৰ, নগৰ আৰু গাওঁ ৰক্ষা, আকস্মিক ঘটনাৰ পৰা পীড়া, ওপজা আৰু মৰাৰ লেখ অভ্যাসৰ আৱশ্যক ইত্যাদি বিষয়ক লৰাব উপ- যোগীকৈ লিখা উপদেশ আছে। স্বাস্থ্য বিষয়ত এই খনেই সৰ্ব্ব প্ৰথম অসমীয়া পাঠ্য কিতাপ। F