পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চবিত ৬১ বিবাহ পদ্ধতি (Marriage system ) এইখন কিতাপ ইংৰাজীত লিখা। ইয়াত মবাদি ঋষি সম্মত হিন্দুৰ বিবিধ প্ৰকাৰ বিয়াব সংক্ষেপ বৰ্ণনা আছে। অসম দেশত প্ৰচলিত থকা চোব কৰি বা পলুৱাই ছোৱালী অনা, খাক মণি পিন্ধোৱা, গুৱা কটা, চকলং, আগ চাউল দিয়া ইত্যাদি বিয়াৰো উল্লেখ আছে। ব্ৰাহ্মণত বাদে দেশত বিধৱা বিবাহ যে চলিত আছে আৰু ইযে সমাজৰ অন্তৰ্ভুক্ত ইয়াৰো বিশদ বিৱৰণ আছে। ওপৰত উল্লেখ কৰা ছপা কিতাপত বাদে হাতে লিখা অৱস্থাত থকা আৰু দুখন কিতাপৰ সন্তেদ আমাৰ জনা আছে। তুলনামূলক ব্যাকৰণ ( Comparative Grammer ) তেতিয়াৰ দিনত অসমীয়া ভাষা বঙ্খলা ভাষাৰ অপম ভ্ৰংশ বুলি যি এটা ভুল ধীৰণী জনসাধাৰণৰ মাজত প্ৰচলিত আছিল সেই ধাৰণা গুচাবৰ অভিপ্ৰায়ে বৰুৱাদেৱে দুয়ো ভাষাকে তুলনা কৰি অসমীয়া যে স্বতন্ত্ৰ ভাষা, ইয়াৰ তদ্ধিত যে বঙ্গলাৰ লগত সম্পূৰ্ণ অমিল ইত্যাদি নানা যোজনা আৰু