পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চবিত € পাঠমালা কৰা এখন স্কুলীয়া পাঠ্য কিতাপ। ইয়াক ৰচনা সম্পৰ্কে বৰুৱা দেৱে লিখিছে যে “আগেয়ে অসমীয়া ভাষা সকলোৰে অনাদৃত হৈ থকাৰ নিমিত্তে সেই ভাষাৰে কেৱে পুথি ৰচনা নকৰিছিল। কিন্তু সম্পৃতি অসমীয়া ভাষা শিকিবৰ নিমিত্তে তলৰ শ্ৰেণীৰ দেশী ভাষাৰ পঢ়াশালি” নামেৰে যি এক শ্ৰেণীৰ স্কুল স্থাপিত হবৰ কাৰণে আসামৰ চিফ কমিশ্যনাৰ চাহাব মহোদয়ে আজ্ঞা কৰিছে, সেইবিলাক পঢ়াশালিত পঢ়াবৰ উপযুক্ত সাহিত্য পুথি নথকাত বিদ্যাশিক্ষাৰ অধ্যক্ষ চাহ৷বৰ জাননী অনুসাৰে এই পুথি লিখা হল। ইয়াত ইংৰাজী আৰু সংস্কৃত গল্পৰ অসমীয়া ভাঙ্গনী আছে। নীতি বিষয়, অঙ্গ চালনা বিষয়, আৰু বৃক্ষৰ স্বভাৱ আদি বিষয় পাঠ আছে। কেইজনমান বৰ- লোকৰ চমু জীৱনী আৰু ৰামায়ণ মহাভাৰতৰ বচা বচা কেইটিমান উপাখ্যান আছে।