পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমন্দ্ৰ বৰুৱাৰ জীৱন চৰিত গাভৰু দেওৰ চৰিত্ৰৰ অৱতাৰণা কৰা হৈছে। ইফালে ডাঙ্গৰ মানুহৰ ঘৰতো ডাক্তৰৰ পানী খোৱা অযুগুত বুলি কিদৰে ৰোগীক ভূতে ধৰা অন্ধ বিশ্বাসত নিৰ্ভৰ কৰি বেজ আনি “ছিদিৰৰ” মন্ত্ৰেৰে জৰা ফুকা কৰা, শনিবাৰে মৰা ভোটৰ দাঁত, ফেঁটী সাপৰ মূৰ, গৰু-বিহুৰ দিনা নাঙ্গঁঠ হৈ উশাহে তুলি অনা বাঁহ গছৰ ৰঘুমলাৰ দক্ষিণ ফালৰ আৰু হুচৰি গোৱাত গচকা শুকান মৰলীয়া লগ কৰি ছোৱালীয়ে কটা ৰঙা বগা সূতাৰে মেৰাই নৰীয়াৰ দুয়ো একে শিপা এৱা কাণত “আলনিয়া” দি ভোট মৰিচ ফেঁচাৰ পাখী সাপৰ মোৰ্ট ইত্যাদিৰে যোগ দি ৰোগীক জীয়াই ৰাখিবলৈ কিদৰে বৃথা চেষ্টা কৰা হৈছিল তাৰো বিবৰণ সুন্দৰকৈ দিয়া আছে। কিন্ত্ত সকলোতকৈ বাহিৰে নৈষ্ঠিক ভাব দেখুৱা লোকৰ চৰিত্ৰহে তলৰ কথা কেই ফাকিত বৰকৈ জিলিকি উঠিছে। মুখত ধৰম কথা ভিতৰত আন। ধিক তাৰ পৰমাৰ্থ ধিক তাৰ জ্ঞান॥ বাহিৰত ৰং চং নাই কোনো মলি। ভিতৰলৈ চোৱা যদি ছাই লিপা ফলি॥ আপোনাক শুচি বুলি লোকক ঘিণায়। ধৰমৰ ঢাকনিৰে পাপ ঢাকি খায়॥ বাহিৰত মলা জপে ধৰমী দেখায়। অন্তৰত কিবা ভাবে একো চিন নাই